63
বালিপৰাঃ শনিবাৰৰ পৰা বালিপৰা প্ৰাথমিক চিকিৎসালয় খন জৰাসৰ নৈৰ বাঢ়নী পানীত বুৰ গৈ থকাৰ ফলত চিকিৎসা সেৱা ব্যাহত হৈ পৰিছে।অাঠ দিন ধৰি বন্ধ হৈ থকাৰ ফলত বৃহত্তৰ বালিপৰা অঞ্চলৰ ৰোগীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।
দূৰ্ঘটনাত গুৰুতৰ ভাবে অাঘাতপ্ৰাপ্ত ৰোগীসকলকো ওভটাই পঠাব লগীয়াত পৰিছে বিনা চিকিৎসাৰে। নৈখনৰ কবলত পৰা ৬ খন বিচনাযুক্ত বালিপৰা প্ৰাথমিক চিকিৎসাকেন্দ্ৰ খনৰ প্ৰসৱ কক্ষ, পৰীক্ষাগাৰ, ঔষধ ভড়াল কক্ষ সম্পূৰ্ণ ৰূপে জলমগ্ন।