বাবৰিকাণ্ড, আদৱানিক ৰেহাই নিদিলে শীৰ্ষ আদালতে

Home অন্যান্য খবৰবাবৰিকাণ্ড, আদৱানিক ৰেহাই নিদিলে শীৰ্ষ আদালতে

বাবৰিকাণ্ড, আদৱানিক ৰেহাই নিদিলে শীৰ্ষ আদালতে

by News Desk
86 views
A+A-
Reset

ডিজিটেল ডেস্কঃ বাবৰি মছজিদ ধ্বংসৰ ঘটনাক লৈ লালকৃষ্ণ আদৱানিৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগত শুনানি হ’ব বুলি সদৰী কৰিছে উচ্চতম ন্যায়ালয়ে। এই একে অভিযোগত শুনানি চলিব মুৰুলী মনোহৰ যোশী, উমা ভাৰতীসহ অন্যান্য শীৰ্ষ বিজেপি নেতাৰ বিৰুদ্ধে। লক্ষ্নৌ আৰু ৰায়বৰেলি আদালতক আগন্তুক দুবছৰৰ ভিতৰত এই গোচৰৰ বিচাৰ শেষ কৰিবলৈকো নিৰ্দেশ দিছে সৰ্বোচ্চ আদালতখনে।

ন্যায়াধীশ পি চি ঘোষ আৰু আৰ এফ নৰিমনৰ বিচাৰপীঠখনে আজি স্পষ্ট কৰি দিয়ে যে শীৰ্ষ বিজেপি নেতাসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগত শুনানি হ’ব। অৱশ্যে অভিযুক্ত কল্যাণ সিঙৰ বিৰুদ্ধে কোন ধাৰাত অভিযোগ অনা হ’ব সেয়া এই পৰ্যন্ত ঠিৰাং কৰা হোৱা নাই। ৰাজ্যপাল পদ এৰি দিলেই তেওঁৰ বিৰুদ্ধে ধাৰা ঠিৰাং কৰা হ’ব বুলি আশা কৰা হৈছে। যিমানদিন পৰ্যন্ত এই গোচৰৰ শুনানি আৰু বিচাৰ চলিব, তেতিয়ালৈকে বিচাৰকক বদলৈ কৰিব পৰা নাযাব বুলিও জনাইছে বিচাৰপীঠখনে। প্ৰয়োজনত প্ৰতিদিনে এই গোচৰৰ শুনানি ৰখাৰ নিৰ্দেশো দিছে শীৰ্ষ আদালতখনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0