তামুলপুৰঃ গ্ৰামাঞ্চলত স্বাস্থ্য সজাগতা বৃদ্ধি তথা গ্ৰামাঞ্চলৰ চিকিত্সাৰ মান উন্নত, সুলভ চিকিত্সা প্ৰদানৰ উদ্দেশ্যে গঠন হোৱা জি এন আৰ চিৰ স্বাস্থ্যমিত্ৰ প্ৰকল্পৰ এখন সভা আজি তামুলপুৰ আঞ্চলিক হৰিমন্দিৰ প্ৰাংগনত অনুস্থিত হয়। উক্ত সভাত জি এন আৰ চিৰ চি ই অ’ তথা অসমৰ প্ৰখ্যাত চিকিত্সক ডা নোমল চন্দ্ৰ বৰা উপস্থিত থাকি তামুলপুৰৰ বিভিন্ন গাঁৱত থকা স্বাস্থ্যমিত্ৰসকলৰ লগত বাৰ্তালাপ কৰি এই অঞ্চলৰ ৰাইজে যাতে জি এন আৰ চিয়ে আগবঢ়োৱা সকলো সা-সুবিধা লাভ কৰে তাৰ বাবে স্বাস্থ্যমিত্ৰসকলক সজাগ হৈ থকিবলৈ কয়। উক্ত সভাত স্বাস্থ্যমিত্ৰ প্ৰকল্পৰ তামুলপুৰ খণ্ড উন্নয়ন বিষয়া মুনিন্দ্ৰ ডেকাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
115
previous post