গুৱাহাটীঃ আইপিএলত সৰ্বকনিষ্ঠ অৰ্ধ শতক অর্জনকাৰী অসম সন্তান ৰিয়াল পৰাগক লৈ উৎফুল্লিত জুবিন গাৰ্গ। দেওবাৰে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত গীত পৰিৱেশন কৰিবলৈ গৈ নৱ প্ৰজন্মৰ হাৰ্ট থ’বগৰাকীয়ে ৰিয়ান পৰাগৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, মই বহুত সুখী যে ৰিয়ানে আইপিএলত ৫০ মাৰিছে। লগতে জুবিনে কয় ৰিয়ান মোৰ ভাগিন। সি ৫০ মৰা দেখি মই শনিবাৰে বহুত ফূৰ্তি পাইছিলোঁ বুলিও নিজৰ অভিমত ব্যক্ত কৰে।
আনহাতে চেপন বিহুমঞ্চত গীত পৰিৱেশন কৰি সদায় ভাল লাগে বুলিও জানিবলৈ দিয়ে। লগতে চেপন কেন্দ্ৰীয় ৰঙালী বিহুৰ উদ্যোগতা মৃদুল ফুকনৰ নাম লৈ জুবিনে কয় মৃদুল দায়ে প্ৰথম এই মঞ্চত গীত গাবলৈ আহোঁতে কৈছিল ২০ বছৰ এই মঞ্চত অনুষ্ঠান কৰিব লাগিব বুলি। সেয়েহে ষষ্ঠবিংশতিতম বর্ষতো মই ইয়ালৈ গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। ২০ বছৰে গীত পৰিৱেশন নকৰিলেও ঘৰুৱা হিচাপত চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনলৈ আহিম বুলি তেওঁ অনুষ্ঠানৰ মাজতে জানিবলৈ দিয়ে।