গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া ছবি জগতত ‘ভিলেজ ৰকষ্টাৰ’ৰ ব্যাপক সফলতাৰ পাছত পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে ধিতিমান কাকতিৰ পৰিচালিত চুটি ছবি “দ্য মেন হো স্পিক নেচাৰ”-এ।
যোৰহাটৰ ধৃতিমান কাকতি পৰিচালিত চুটি ছবিখনে ইউৰোপ মহাদেশৰ হাংগেৰীত অনুষ্ঠিত পঞ্চম আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবি শিতানৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি আয়োজন সমিতিয়ে ছবিখনৰ পৰিচালক ধৃতিমান কাকতিক এক ই-মেইলৰ জৰিয়তে জানিবলৈ দিছে।