67
গোসাঁইগাঁওঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ ১০ নং ৰাইটত গছ কাটি থকা অৱস্থাত আজি পুৱা দুজন চোৰাং কাঠ ব্যৱসায়ীক হাতে-লোতে ধৰে সীমা সুৰক্ষা বলৰ জোৱানে।
কচুগাঁও বনাঞ্চলৰ অতি ভিতৰুৱা অঞ্চলত জোৱানৰ এটা দলে নিয়মীয়া তহল দি থাকোতে এই দুই চোৰাং কাঠ বেপাৰীক গছ কাটি থকা প্ৰত্যক্ষ কৰি দুয়োজনকে ধৰি কচুগাঁও বন সংমণ্ডলৰ ৰাইমনা ৰেঞ্জৰ বনকৰ্মীৰ হাতত গতাই দিয়ে।