দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হ’ল ৰাম নাথ কোবিন্দ। শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী কোবিন্দৰ জয়ে ভাৰতীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। দেশৰ প্ৰধান নাগৰিকজনৰ নিৰ্বাচন প্ৰকৃতপক্ষে এক সন্মানজনক প্ৰক্ৰিয়া।
বিগত সময়ছোৱাত দেশে এনে কেইবাগৰাকীও ৰাষ্ট্ৰপতি লাভ কৰিছে, যি সকল আছিল তেওঁলোকৰ প্ৰজ্ঞা, মেধা, দূৰদৰ্শিতা আৰু প্ৰগাঢ় ব্যক্তিত্বৰে জনগনক উদ্বুদ্ধ কৰি ৰখা গুণৰ অধিকাৰী। প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৰেণ্য বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ ভূমিকা চিৰ প্ৰাতঃস্মৰণীয়।