97
গোসাঁইগাঁওঃ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ ছানফান ৰেঞ্জৰ বনকৰ্মীৰ অভিযানত জালত পৰিল চোৰাং কাঠ ব্যৱসায়ী৷ কচুগাঁও বনাঞ্চলৰ কুণ্ঠাইবাৰীত অভিযান চলাই তিনিজন চোৰাং কাঠ ব্যৱসায়ীক আটক কৰে বন বিভাগে।
বেলগুৰিৰ মনোজ বসুমতাৰী (৩৮), শিয়ালমাৰী গাঁৱৰ ৰবিৰাম মাৰাণ্ডী (৩৭) আৰু ছোটা সোৰেণ (৩৪)- এই তিনিজনক আটক কৰিবলৈ সক্ষম হয় বন বিভাগে। আটকাধীন লোক তিনিজনৰ পৰা দুটা প্ৰকাণ্ড শালকাঠৰ কুণ্ডা, এখন ঠেলা আৰু এই-১৬-এ-৩৭৭৬ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে।