Home অন্যান্য খবৰৰাজহ গেট উঠাই দিয়াত প্ৰতিবাদ, কেন্দ্ৰ ষড়যন্ত্ৰ অভিযোগ

ৰাজহ গেট উঠাই দিয়াত প্ৰতিবাদ, কেন্দ্ৰ ষড়যন্ত্ৰ অভিযোগ

by News Desk
100 views
A+A-
Reset

গোসাঁইগাঁওঃ ৰাজ্য চৰকাৰে শ্ৰীৰামপুৰ আৰু ছাগলীয়াৰ আন্তঃৰাজ্যিক তালাচী চকী তুলি দিয়াৰ পাছৰে পৰা গেট দুখনত কৰ্মৰত একাংশ লোক কৰ্মহীন হৈ পৰাত এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীত বিভিন্ন কাম কৰি পৰিয়াল পোহপাল দি অহা লোক সকলে গেট দুখন পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত সোমবাৰে গোসাঁইগাঁও মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ইন্টাৰ ষ্টেট বৰ্ডাৰ গেট ৱৰ্কাছ এছ’ছিয়েশ্যনে শ্ৰীৰামপুৰ গেটত বিভিন্ন কাম কৰি জীৱিকা নিৰ্বাহ কৰা সহস্ৰাধিক লোকে চৰকাৰৰ গেট বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি সংস্থাটোৰ সভাপতি ৰঘুনাথ বসুমতাৰীয়ে চৰকাৰে জিএছটিৰ অজুহাত দেখুৱাই জিএছটিৰ অধীনত নথকা গেট সমূহ বন্ধ কৰি দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া উদ্দেশ্য প্ৰণোদিত বুলি অভিযোগ কৰে৷ উক্ত সিদ্ধান্তৰ ফলত অসম বংগ সীমান্তৰ লক্ষাধিক ৰাইজৰ জীৱিকাৰ পথ বন্ধ হোৱাৰ বিপৰীতে অসাধু আৰু চোৰাং বেপাৰীৰ বাবে সোণালী সুযোগ পালে বুলি অভিযোগ উত্থাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0