নতুন দিল্লীঃ আপাদ-মস্তক ক’লা পোছাক পৰিহিত কমাণ্ড এজনক সন্মুখত দেখিলে সকলোৰে বুকু কঁপি উঠে।মনলৈ অহা অজান ভয়ে নিজকে অসহায় কৰি তোলে। কিন্তু এই বৃহ९কায় হৃষ্ট-পুষ্ট কমাণ্ডৰ মনতো যে ভয়-শংকাই কেতিয়া বাহ লয়, সেয়া আমাৰ সপোনৰো অগোচৰ।
এনে এক ঘটনাই সম্প্ৰতি জোকাৰি গৈছে ভাৰতীয় অৰ্ধ সামৰিক বাহিনীত। মধ্য ভাৰতৰ মাওবাদী অধ্যুষিত অঞ্চলত নিযুক্তিৰ বাবে গেৰিলা যুদ্ধৰ প্ৰশিক্ষণপ্ৰাপ্ত ৫৯জন কমাণ্ডই কৰ্মস্থানৰ নিযুক্তিৰ পূৰ্বে পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ২০৫ নং কোব্ৰা গোটৰ এই কমাণ্ডসকলে জম্মু-কাশ্মীৰত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি ৰে’লযোগে গয়ালৈ ওভতাৰ পথত মোগলচৰাই ষ্টেচনৰ পৰা পলায়ন কৰে।