ডিজিটেল ডেস্কঃ বহু ব্যস্ততাৰ অন্তত এতিয়াহে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ’ল অভিনেতা চলমান খান। ৩৫ শতাংশ নম্বৰ লাভ কৰি পাছ কৰিলে চলমান খানে। আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা এই ডিগ্ৰী লাভ কৰে অভিনেতা জনে। হয়, চলমান খানে বিএ পাছ কৰিলে।
এই খবৰ স্থান লাভ কৰিলে সংবাদ মাধ্যমত। চলমান খানৰ ফটো সম্বলিত মাৰ্কছিত যেতিয়া এখন বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিব তেতিয়া সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাটো স্বাভাৱিক। কিয়নো বলিউডৰ চুপাৰষ্টাৰ চলমান খানে যেতিয়া BA পাছ কৰিব তেতিয়া সেয়া সংবাদ মাধ্যমৰ বাবে এয়া খবৰ।