মঙলদৈঃ ৰাজ্যত বিজেপি শাসনলৈ অহাৰ পিছতে দলটোৰ একাংশ কৰ্মীৰ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য। শিৱসাগৰৰ পিছত এইবাৰ দৰং জিলাত শাসমাধিষ্ঠিত দলটোৰ কৰ্মীয়ে কংগ্ৰেছৰ দিনৰ আধাৰশিলা ভঙাৰ কথা পোহৰলৈ আহিছে।
প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ সদৰ মঙ্গলদৈত প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে স্থাপন কৰা আধাৰশিলা ভাঙি চূৰমাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে বিজেপিৰ প্ৰাঞ্জল ডেকা নামৰ এজন কৰ্ম-কৰ্তাৰ বিৰুদ্ধে। অভিযোগ অনুসৰি যোৱা ২৫-৩০ ফেব্ৰুৱাৰীৰ ভিতৰত বিজেপি কৰ্মীজনে এ এছ-২৫-বিচি-১৭০৬ নম্বৰৰ চাৰিচকীয়া বাহন এখনেৰে খুন্দা মাৰি আধাৰশিলাৰ ফলকখন ইচ্ছাকতভাৱে ভাঙি পেলায়। উল্লেখ্য যে কংগ্ৰেছী মন্ত্ৰীজনে বিগত বৰ্ষত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা পুনিয়া-মনিটাৰী সংযোগী উক্ত পথটোৰ আধাৰশিলা স্থাপন কৰিছিল।