গোৰেশ্বৰঃ গুণোৎসৱ পাতি বিদ্যালয়ৰ গুণগত মানৰ বিকাশ সাধনৰ বাবে শিক্ষাবিভাগে প্ৰস্তুতি চলোৱাৰ সময়তে জ্ঞানৰ পোহৰ বিলোৱা শিক্ষকৰ অমানৱীয় কৰ্মই উদ্বিগ্ন কৰি তুলিছে গোৰেশ্বৰৰ সচেতন মহলক। ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰা যিকোনোধৰণৰ শাৰিৰীক শাস্তি, অৱহেলা, উপহাস আদি আঁতৰোৱাৰ ক্ষেত্ৰত শিক্ষকৰ অৱদান গুৰুত্বপুৰ্ণ যদিও বাগসা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ কাণফুটাপাৰ চুবুৰীৰ উত্তৰ চিল্কীঝাৰ গৌতম প্ৰাথমিক বিদ্যালয় এজন ছাত্ৰক প্ৰহাৰ কৰি তাৰ সম্পুৰ্ণ বিপৰীত ছবি দাঙি ধৰিছে এজন বিতৰ্কিত শিক্ষকে।
অভিযোগ মতে আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বীৰেণ ৰাজবংশীয়ে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ জগত ৰাজবংশীক বেতেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে। ইয়াৰ ফলত ছাত্ৰজনে পিঠি আৰু ভৰিত গুৰুতৰভাৱে আঘাত পায়। প্ৰহাৰৰ চিন ছাত্ৰ জনে পিঠি আৰু ভৰিত স্পষ্ট হৈ পৰে। ছাত্ৰজনে অন্য ছাত্ৰৰ লগত কাজিয়াত লিপ্ত হোৱাৰ অপৰাধত প্ৰধান শিক্ষকজনে বেতেৰে প্ৰহাৰ কৰে বুলি প্ৰহৃত ছাত্ৰজনে প্ৰকাশ কৰে।