তেজপুৰঃ সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে প্ৰচাৰিত সাংসদ পুঁজিৰ ধনৰ কেলেংকাৰীৰ বাতৰিৰ পিছত আজি নাৰায়ণপুৰত সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বাধ্য হয় তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰামপ্ৰসাদ শৰ্মা। কংগ্ৰেছ দলৰ কৰ্মীয়ে এই আৰটিআই কৰা নাই বুলি স্পষ্ট কৰি দি সাংসদ শৰ্মাই জনায় যে এই কাম বিজেপি দলৰে কৰ্মীয়ে কৰিছে। এনে কাম কৰাজন বিজেপিৰ নিষ্ঠাৱান কৰ্মী নহয় বুলিও মন্তব্য কৰে।
অৱশ্যেে এই বিষয়ৰ ওপৰত তদন্ত কৰিবলৈ সাংসদগৰাকীয়ে লখিমপুৰ জিলা উপায়ুক্তক নিৰ্দেশ দিছে। তাৰ সমান্তৰালকৈ আৰটিআইযোগে দুৰ্নীতি পোহৰলৈ অনা দলীয় কৰ্মীৰ বিৰুদ্ধেও তৎপৰ হৈছে সাংসদগৰাকী। ন-বিজেপি কৰ্মীৰদ্বাৰাহে এই তথ্য ৰাজহুৱা হৈছে বুলি কৈ তেওঁলোকৰ এই কৰ্মক সমালোচনা কৰে সাংসদ ৰাম প্ৰসাদ শৰ্মাই।