90
ধুবুৰীঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কাৰ্যতঃ ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক অনিয়মে সততে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰি অহাৰ সময়তে এইবাৰ সমবায় সমিতিয়ে নিজস্ব ভঁৰালগৃহ থকা সত্ত্বেও ভাড়াঘৰত কাম-কাজ চলোৱাৰ কথা পোহৰলৈ আহিছে।
সমিতিৰ সভাপতি-সম্পাদকৰ লগতে একাংশ লোকৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ ভাড়াঘৰত দীৰ্ঘ দিন ধৰি জৰুৱা-বন্দিহানা সমবায় সমিতিৰ যাৱতীয় কাম-কাজ চলোৱাত অঞ্চলবাসীৰ ৰাজহুৱা ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপিত হৈছে।