নাজিৰাঃ নাজিৰা মহকুমাৰ অন্তৰ্গত মলাগাঁওত বৃহস্পতিবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন ব্যক্তি গুৰুত্বভাৱে আহত হয়। তজু বৰগোঁহাই নামৰ ৪০ বছৰীয়া ব্যক্তিজনে নিজা বাসগৃহৰ সমীপতে থকা এখন জংঘলৰ পৰা খৰি আনিবলৈ যাওতে হঠাতে প্ৰকাণ্ড নাহৰফুটুকী বাঘটোৱে আক্ৰমণ কৰে। বাঘৰ আক্ৰমণৰ ফলত তজু বৰগোঁহাই নামৰ ব্যক্তিজন গুৰুত্বভাৱে আহত হয়।
বৰ্তমান ব্যক্তিজন নাজিৰা লিগিৰীপুখুৰীস্থিত অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত ভালেমান লোক নাহৰফুটুকী বাঘৰ আক্ৰমণৰ বলি হৈ আহিছে যদিও বনবিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।