ডিজিটেল ডেস্কঃ এইবাৰ পাকিস্তাক ওলোটাই আক্ৰমণ কৰিলে ভাৰতে৷ এগৰাকী ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে ভাৰতীয় সেনাই৷ জম্মু কাশ্মীৰৰ পুঞ্চ এলেকাত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ গুলীত নিহত হয় ৭ পাকিস্তানী সেনাৰ জোৱান৷
৪গৰাকী গুৰুতৰ ভাৱে আহত হয়৷ ১৩ জানুৱাৰীত নিয়ন্ত্ৰণ ৰেখাৰ ৰৌজাৰি নামৰ ঠাইত পাকিস্তানী সেনাৰ গুলীত নিহত হৈছেল এগৰাকী ভাৰতীয় সেনা৷ তাৰ পিছেতে ভাৰতীয় সেনাই অভিযান চলাই পাকিস্তান সীমান্তত৷ পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাৰ কোটলি চেক্টৰত তেওঁলোকৰ ৪গৰাকী সেনা জোৱানৰ মৃত্যু হোৱা বুলি কয় যদিও ভাৰতীয় সেনাৰ মতে ৭গৰাকী পাকিস্তানী সেনাৰ মৃত্যু হৈছে৷