কোকৰাঝাৰঃ কমতাপুৰ ৰাজ্য পুনৰ্গঠন আৰু কোচ-ৰাজবংশীৰ জনজাতিকৰণৰ দাবীক লৈ সৰৱ হৈ উঠিছে আক্ৰাছু। অাজি ৰাজ্যজুৰি অাক্ৰাছুৰ উদ্যোগত জিলা সদৰ অাৰু মহকুমা সদৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়নৰ পিছতেই আন্দোলন তীব্ৰ কৰি তোলাৰ হুংকাৰ দিছে কোচ-ৰাজবংশীৰ অধিকাৰৰ হৈ থিয় দিয়া সংগঠনটোৱে।
এপ্ৰিলৰ প্ৰথম সপ্তাহত চৰকাৰৰ সতে অালোচনা সন্তোষজনক নহ’লে ভয়াবহ গণ আন্দোলন গঢ়ি তোলা হ’ব বুলি জনাইছে সংগঠনটোৱে। জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ্গঠন অান্দোলনক তীব্ৰতা প্ৰদান কৰাৰ অৰ্থে গাঁৱে-ভুঞে অভিযান চলোৱাৰ পৰিকল্পনা হাতত লোৱা হৈছে বুলি জনাইছে অাক্ৰাছুৰ সভাপতি অাৰু সাধাৰণ সম্পাদক ত্ৰৈলোক্য ৰায়ে।