কাজিৰঙাঃ বোকাখাত অফলা বেলগুৰিৰ ১৯ বছৰীয়া এজন যুৱক বিগত তিনিমাহ ধৰি শয্যাগত৷ এসাঁজ খাই এসাঁজ লঘোনে পাৰ কৰা যুৱকজনে পেটৰ তাড়নাত শিক্ষা গ্ৰহণ কৰিবলৈ এৰি এদিন গৈছিল বাংগালুৰুৰ ব্যক্তিগত কোম্পানীত কাম কৰিবলৈ৷ অন্ন-বস্ত্ৰৰ যোগান ধৰি মুখত পিতৃ-মাতৃৰ হাঁহি বিৰিঙাবলৈ সপোন দেখিছিল যুৱকজনে৷
কৈশোৰ অৱস্থাতেই গৈ বহু বছৰ কাম কৰাৰ অন্তত এদিন তেওঁৰ জীৱনলৈ নামি আহিল অমানিশা৷ আন দিনাৰ দৰে সিদিনাও তেওঁ ব্যস্ত হৈ পৰিছিল কোম্পানীৰ কামত৷ চিৰিৰে বগাই গৈ ওখ স্থানত কাম কৰি থকাৰ মাজতে হঠাৎ যুৱকজনে কোম্পানীৰ মজিয়াত পৰাত গুৰুতৰভাৱে আহত হয়৷ ততাতৈয়াকৈ সহকৰ্মীয়ে তেওঁক চিকি९সালয়ত ভৰ্তি কৰায় যদিও শৰীৰৰ বহু ঠাইত হাড় ভাঙি যোৱা বুলি চিকি९সকে জনায়৷ সুৰজ কানু নামৰ যুৱকজনে অৰ্থৰ অভাৱত উন্নত চিকি९সা কৰিব নোৱাৰি সহকৰ্মীৰ সহায়ত ঘৰলৈ উভতি আহি বিছনাৰ সংগী হৈ পৰে৷