তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কাচিজান বনবাসী প্ৰাথমিক বিদ্যালয়ৰ টিনৰ চালিখন বিগত মাহৰ বা-মাৰলীয়ে সমূলঞ্চে ধ্বংস কৰি বিদ্যালয়খনৰ প্ৰায় ৭৮ জন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অমানিশা কঢ়িয়াই আনে৷
ৰাজ্যখনত গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে “গুণোৎসৱ” চলি থকা অৱস্থাত উক্ত অঞ্চলটোৰ শিক্ষাৰ্থীসকলে ডেৰমাহ উৰুখা চালৰ তলত পাঠ গ্ৰহণ কৰি কেনে গুণগত শিক্ষা লাভ কৰিব সচেতন মহলে অদ্যাপি ভু পোৱা নাই৷ চৌদিশে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়জয় ময়ময় অৱস্থা আৰু ব্যক্তিগত বিদ্যালয়ৰ প্ৰণালীবদ্ধ শীত-তাপ নিয়ন্ত্ৰিত শ্ৰেণীকোঠাৰ পৰিৱৰ্তে দুগৰাকী স্থায়ী শিক্ষক নিযুক্ত বিদ্যালয়খনত বৰষুণৰ সামান্য টোপাল পৰিলেই বিদ্যালয় ছুটী দিবলগীয়া হোৱা ঘটনাই অভিভাৱকসকল নিজ সন্তানৰ শৈক্ষিক স্থিতিক লৈ বিমোৰত পৰিছে৷