নগৰবেৰাঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ১নং টুপামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিজেপিৰ বুথ কমিটিৰ সভাপতি সকলৰ উদ্যোগত আজি পঞ্চায়ত খনৰ ১নং টুপামাৰী প্ৰাথমিক বিদ্যালয় খেল পথাৰ প্ৰাংগনত দলটোৰ এখন বুথ সন্মিলন অনুষ্ঠিত হৈ যায়।
ইয়াচিন আলীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সন্মিলনৰ উদ্দেশ্য ব্যাখ্যা কৰে আব্দুছ ছামাদ সৰকাৰে। ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্য আয়োজন কৰা এই বুথ সন্মিলনত দক্ষিণ কামৰূপ জিলাৰ বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, ছমৰীয়া মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি দীপু বায়ন, ছমৰীয়া মণ্ডল বিজেপিৰ উপ সভাপতি পবিত্ৰ কুমাৰ মেধি, যুৱ নেতা আতোৱাৰ ৰহমান ভূঞা, আব্দুছ ছামাদ প্ৰমুখ্যে বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকি ভাষণ প্ৰদান কৰে।