ডুমডুমাঃ ৰূপাইস্থিত ডি চি বৰা নাৰ্ছিং হোমত পল্লৱী চুতীয়া ডেকা নামৰ এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি শনিবাৰে পুৱাৰ পৰা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে মহিলাগৰাকীয়ে নাৰ্ছিং হোমখনত শুকুৰবাৰে নিশা প্ৰসৱৰ পাছত মাতৃ-সন্তান সম্পূৰ্ণৰূপে সুস্থ আছিল যদিও পুৱতি নিশা মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে৷
এই খবৰ পৰিয়ালৰ লোকক বহু পলমকৈ জানিবলৈ দিয়ে চিকিৎসকে৷ স্বাস্থ্য অধিক অৱনতি ঘটাত পুৱা উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়৷ নাৰ্ছিং হোমৰ পৰাই নাৰ্চ আৰু অস্ত্ৰোপ্ৰচাৰ কৰা ডাক্তৰ দুজনো লগতে যোৱাৰ কথা আছিল যদিও আদবাটৰ পৰাই ডাক্তৰ দুজন পলাই যায়।