91
লালুকঃ সমগ্ৰ বিশ্বতে কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ সময়তে জনসাধাৰণৰ মাজতো এই ৰোগটো প্ৰতিৰোধ কৰাৰ বাবে সজাগতা বৃদ্ধিৰ লক্ষ হাতত লৈছে মাৰোৱাৰী যুৱ মঞ্চই।
কৰ্কট ৰোগ হোৱা মানেই যে মৃত্যু নহয়, প্ৰাথমিক অৱস্থাত চিকিৎসাৰ যোগে এই ৰোগৰ পৰা যে মুক্তি পাব পাৰি আৰু মানৱ শৰীৰত হোৱা প্ৰায় এক তৃতীয়াংশ কৰ্কট ৰোগেই প্ৰতিৰোধযোগ্য- এই সকলোবোৰ কথাই বিতংকৈ ৰাইজক জনোৱাৰ বাবে লখিমপুৰত আয়োজন কৰা হৈছে এক সজাগতা শিবিৰ।