82
তেজপুৰঃ ৰাজ্যৰ চৌদিশে ৰঙালীৰ ৰং৷ আজি সমগ্ৰ ৰাজ্যত পালন কৰা হয় তাঁতশালৰ বিহু৷ কৃষি প্ৰধান বৃহত্তৰ অসমীয়াৰ কৃষকসকলৰ লগতে সমান গুৰুত্ব তাঁতশাল তথা শিপিনিসকলৰ।
শিপিনি সকলৰ তাঁতশালৰ সামগ্ৰী বোৰৰ নামত উৎসৰ্গিত এই তাঁতশাল বিহু৷ ব’হাগ বিহুৰ উছাহৰ অন্তত তাঁতশালত নতুন বছৰটোত যাতে শিপিনিসকলে গামোচা, চাদৰ, মেখেলা, চেলেং চাদৰ তৈয়াৰ কৰি উপাৰ্জন কৰি বছৰটো সুকলমে চলিব পাৰে তাৰ কামনাৰে তাঁতশালৰ ওচৰত চাকি বন্তি জ্বলাই পালন কৰে এই বিহুটি৷