Home অন্যান্য খবৰতামুলপুৰত এ বি এমছুৰ বিশাল নাগৰিক সভা।

তামুলপুৰত এ বি এমছুৰ বিশাল নাগৰিক সভা।

by News Desk
131 views
A+A-
Reset

newsnextone.com।তামুলপুৰ: ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা ভাষীৰ ধৰ্মলাম্বী লোকৰ নাম এন আৰ চিত অন্তৰভুক্ত কৰিবই লাগিব ৷ বিদেশী সমস্যা সমাধানৰ নামত হিন্দু মুছলমান, অসমীয়াা বঙালী আদি মনোভাৱেৰে একাংশ শাসক গোষ্ঠীয়ে মুনাফা আদায় কৰিব বিচাৰে৷ কিন্তু এয়া কেতিয়াও সম্ভৱ হবলৈ দিয়া নহব৷ আমি এখন বিদেশীমুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাটো কামনা কৰো ৷ এই ভাষ্য বি টি এ ডি নাগৰিক উন্নয়ন মঞ্চৰ সভাপতি জমচেৰ আলীৰ ৷
তামুলপুৰ জিলা এবি এমছুৰ উদ্যোগত আজি আবেলি শালামাৰা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত অনুস্থিত হোৱা এক বিশাল নাগৰিক সভাত তেওঁ এইদৰে মন্তব্য কৰে ৷ তামুলপুৰ জিলা এ বি এমছুৰ উপদেষ্টা আফজল আলীৰ সভাপতিত্বত অনুষ্ঠিত বিশাল নাগৰিক সভাখন উদ্বোধন কৰে জিলা এ বি এমছুৰ সভাপতি টাইছন হুছেইনে ৷ তেওঁ সভাখন উদ্বোধন কৰি কয় যে অসমৰ ভাষা আন্দোলনকে আদি কৰি বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান সকলৰ অৱদান অতুলনীয় ৷ কিন্তু ধৰ্মীয় সংখ্যালঘু মুছলমান সকল ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক শৈক্ষিক সকলো ক্ষেত্ৰতে আজি শোষিত বঞ্চিত হৈ আছে ৷ সভাত উপস্থিত সদৌ বি টি এডি সংখ্যালঘু ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আবু ছাহেদ আনছাৰীয়ে কয় যে বি টি ডি ৰ মুছলমানৰ সকলক বিগত সময় চোৱাত যি অত্যাচাৰ কৰি আহিছিল সেই অতিশয্যা বন্ধ কৰাৰ বাবেই এবি এমছু গঠন কৰা হৈছে ৷ এ বি এমছুৱে জাতিটোক শৈক্ষিক দিশত আগবঢ়ায় নিয়াৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখেছে। এ বি এমছুৰ লক্ষ্য, আৰু উদ্দেশ্য হল জাতিটোক শিক্ষিত কৰাৰ লক্ষ্যৰে আন্দোলন কৰি যোৱা৷ বি টি চিত প্ৰতিটো পৰিয়াল শিক্ষিত কৰি বাল্যবিবাহ বন্ধ কৰা, নাৰী শিক্ষা আদিত গুৰুত্ব দি থকা হৈছে। কিন্তু এ বি এমছুই এই কথা কৈ থাকিলে নহব ৷ আমাৰ সমাজৰ লোক সকলেও কৰিব লগা আছে বহু কাম ৷ আমাৰ লক্ষ্য হল শান্তি আৰু সুখেৰে প্ৰতিটো মুছলমান পৰিয়ালে সমাজত বাস কৰি থাকক, সমাজত দুখীয়া সকল আগবাঢ়ি যাওক ৷ ধনী দুখীয়া প্ৰভেদ নাইকিয়া কৰা ৷ ল’ৰা ছোৱালীক বিদ্যালয় মুখী কৰিবলৈ তেওঁ আহ্বান জনায় ৷ প্ৰসংগ ক্ৰমে তেওঁ লাফিকুল ইছলামৰ হত্যাকাৰীক এই পৰ্যান্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৷ এই তেওঁ কয় মুছলমান সকলৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰা নহ’ব ৷ আমি হাজাৰ হাজাৰ লাফিকুলৰ জন্ম দিব লাগিব ৷ লাফিকুল ইছলামৰ আধৰুৱা কাম খিনি আমি ৰাইজৰ সহযোগত হাতে হাত মিলাই কৰি যাব লাগিব৷ এন আৰ চিক লৈ যি ৰাজনীতি চলি আছে তাৰ বিৰোধিতা কৰিবলৈ ও তেওঁ সকলোকে মুকলি আহ্বান জনায়৷ সভাত আক্ৰাছুৰ সাঃ সম্পাদক গকুল বৰ্মনে কয় যে সমগ্ৰ বি টি এ ডিক সামাজিক , শৈক্ষিক, সাংস্কৃতিক দিশত এবি এমছুই প্ৰতিনিধিত্ব কৰি আহেছে ৷ আমি মিলাপ্ৰীতিৰে অন্যায় অবিচাৰ বিৰুদ্ধে মাত মাতি সামজিক শৈক্ষিক উন্নয়নৰ দিশত কাম কৰি যাব
বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে ধৰ্মৰ নামত আমি বিভাজন নিবিচাৰো, এই খন দেশত ৰাম থাকিলে ৰহিমো থাকিব লাগিব ৷ শংকৰ থাকিলে আজান ফকিৰো থাকিব লাগিব ৷ কাৰোবাক কোলাত আৰু কৰোবাক বোকাত ললে নহ’ব ৷ সব কা সাথ সব কা বিকাশৰ শ্লোগান আওৰাই থাকিলে নহব, প্ৰকৃতাৰ্থত দেশৰ প্ৰতিটো জাতিজনগোষ্ঠীৰ সম বিকাশ সম উন্নয়ন হব লাগিব ৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰতি সমূহ আখৰে আখৰে পালন নকৰে তেতিয়া হলে ইয়াৰ সমুচিত প্ৰতুত্তৰ দিবলৈ ও সাজু হব লাগিব বুলি ৰাইজক মুকলি ভাৱে আহ্বান জনায় আক্ৰাছৰ নেতা গৰাকীয়ে ৷ তামুলপুৰ আঞ্চলিক এবি এম ছুৰ সাঃ সম্পাদক আব্দুল ৰহমানে আত ধৰা নাগৰিক সভাত এবি এছুৰ সাঃ সম্পাদক নজৰুল ইছলাম , সহকাৰী সম্পাদক মাইনুদ্দিন আহমেদ, সদৌ নাথ- যোগী ছাত্ৰ সন্থাৰ সাঃসম্পাদক অৰবিন্দ নাথ, বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষয় ববীয়া তামুলপুৰ জিলা এবি এমছুৰ সাঃ সম্পাদক জেহেৰুল ইছলাম সহ নেতা কৰ্মী সকলৰ উপৰিও নাগৰিক সভাত তামুলপুৰ মহকুমাৰ কেইবা শতাধিক পুৰুষ মহিলা উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0