জালুকবাৰীঃ একেটা পৰিয়ালৰ দুজন কিশোৰৰ আকাশ চুবৰ মন৷ মেধাৱী কিশোৰ দুটিয়ে পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব বিচাৰে৷ কামৰূপ জিলাৰ আমিনগাঁৱৰ শৰাইঘাট বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ দুজনৰ আকাশ চুব খোজা সপোনক বাস্তৱত ৰূপায়ণ হ’বনে?
এই সকলোবোৰৰ প্ৰত্যাহ্বান হৈ থিয় দিছে তেওঁলোকৰ চকুযুৰিয়ে৷ আমিনগাঁৱৰ ওপৰবড়ী বামুণীগাঁৱৰ দৰিদ্ৰ শ্ৰমিক নৃপেন মেধি আৰু কৰৱী মেধিৰ ঔৰসত জন্ম লাভ কৰা কৃষ্ণমণি নাথ আৰু ধনজিৎ নাথে জন্মৰ পৰাই চকুযুৰিৰে দেখা নাপায়৷ ১৬ বছৰীয়া ধনজিৎ আৰু ১৪ বছৰীয়া কৃষ্ণমণিয়ে শৰাইঘাট বিদ্যালয়ত নৱম শ্ৰেণীত পঢ়ি আছে৷ মাক-দেউতাকে ছাঁৰ দৰে লাগি থাকে দুয়ো পুত্ৰৰ সৈতে৷