46
ইম্ফলঃ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাগাৰলৈ নিক্ষেপ কৰা মণিপুৰৰ সাংবাদিক কিশোৰচন্দ্ৰ ৱাংখেমৰ গোচৰ সন্দৰ্ভত মণিপুৰ উচ্চ ন্যায়ালয়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে৷
মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘কাঠপুতলা’ বুলি সাংবাদিকজনে ফেচবুকত এটা প’ষ্ট দিছিল৷ ইয়াৰ পাছতে তেওঁ চৰকাৰে আটক কৰি অৱশেষত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে৷