নাৰায়নপুৰঃ যোৱা কিছুদিনৰ পৰা সমগ্ৰ ৰাজ্যতে হৈ থকা কালৰূপী ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজগড়তো যোৱা দহদিন পূৰ্বে অহা এজাক ধুমুহাত বিধ্বস্ত হৈছিল অঞ্চলটো।
দৰিদ্ৰ জনতাই নিজৰ ভেটি-মাটিও হেৰুৱাবলগীয়া হৈছে প্ৰকৃতিৰ এই ৰুদ্ৰ মুৰ্তিত। এই ঘটনাৰ ১০ দিন উকলি যোৱাৰ পিছতো ক্ষতিগ্ৰস্তসকলে নাপালে চৰকাৰী কোনো সাহায্য। এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে প্ৰকৃতিয়ে সকলো শেষ কৰি দিয়া এই দুৰ্ভগীয়া পৰিয়ালসমূহে।