64
জয়ন্ত মুদৈ, নগাঁওঃ প্ৰতীক্ষাৰ অন্ত পেলাই অসমীয়াৰ পদূলি পালেহি অতি হেপাঁহৰ বাপতিসাহোন ব’হাগ বা ৰঙালী বিহু৷ সেয়ে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে চলিছে বিহুটিক আদৰাৰ প্ৰস্তুতি৷
এইবাৰ ৰঙালী বিহুতে অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে সমগ্ৰ ৰাজ্যতে নিৰ্বাচনকেন্দ্ৰিক চৰম ব্যস্ততাই বিহুৰ উৎসাহ-উদ্দীপনা কিছু পৰিমাণে ম্লান কৰিলেও অসমীয়াই বিহুটিক আদৰাৰ হেতু নিজকে সাজু কৰিছে৷