58
অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ মাজতেই চাওঁতেই চাওঁতেই পদূলি মুখ পালেহি অসমীয়াৰ চেনেহৰ বাপতিসাহোন ৰঙালী বিহুটি।
আজি গৰুবিহু। গৰুবিহু উপলক্ষে ওদালগুৰি চহৰৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বিহুৰ উচাহ। কৃষিজীৱী গঞাই পুৱাই গোহালিৰ গৰুকেইটাক ওচৰতে থকা নৈ অথবা পুখুৰীলৈ নি মাহ-হালধীৰে নোৱাই-ধোৱাই পৰম্পৰাগতভাৱে গৰু বিহুটি পালন কৰে।