84
উজ্জ্বল চৌধুৰী, লিডুঃ অসমীয়া গীতি সাহিত্যত নৱতম সংযোজন ‘সুৰ এটি দিয়ানা’ শীৰ্ষক এখনি গীতৰ পুথি অলপতে মাৰ্ঘেৰিটাত উন্মোচিত কৰা হয়৷
বিশিষ্ট লিখক, কবি তথা উপন্যাসিক ডঃ ৰঞ্জিত দত্তৰদ্বাৰা বিৰচিত গীতৰ পুথিখনি উন্মোচন কৰে অসমীয়া সংগীত জগতৰ মহীৰুহ স্বৰূপ প্ৰশান্ত বৰদলৈয়ে৷ বৰ্তমান অসমীয়া গীতি সাহিত্য জগতখন এক পুতৌ লগা অৱস্থাৰ মাজেৰে গতি কৰিছে৷