বালিপাৰাঃ দলাই লামাৰ এসময়ৰ দেহৰক্ষী নৰেন দাসক আৰ্থিক সাহায্য প্ৰদান কৰিছে খনামুখ ইটা ভাটা সন্থাই। এসময়ৰ বীৰ সৈনিক তথা অসম সন্তান নৰেন দাসে ১৯৫৯ চনত তিব্বতৰ পৰা ধৰ্ম গুৰু দলাই লামাক অতি দূৰ্গম পথেৰে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি খোজকাঢ়ি অৰুণাচল প্ৰদেশৰ যুমিথাংলৈ অনাৰ দায়িত্ব সুচাৰূপে পালন কৰা বৃহত্তৰ বালিপৰা চাৰিদুৱাৰ মৌজাৰ অতি সন্মানীয় ব্যক্তিজনক আজি খনামুখ ইটা ভাটা সন্থাই নগদ ২১ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।
এই উপলক্ষে পুৱা ১১ বজাত সন্থাৰ এটি ৮ জনীয়া প্ৰতিনিধিৰ দলে দাসৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই তেওঁৰ দীৰ্ঘায়ু কামনা কৰে। স্মৰ্তব্য যে একালৰ এই সাহসী বীৰ জোৱানগৰাকীৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে পত্নীৰ বেমাৰৰ সময়ত খেতিৰ মাটি ২ পুৰা চিকিৎসাৰ বাবদ অন্য ব্যক্তিৰ হাতত বন্ধকি থ’ব লগা হৈছিল যদিও টকাৰ অভাৱত উক্ত মাটিখিনি মোকলাব পৰা নাছিল।