কোকৰাঝাৰঃ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাৰ জিঙাঙচুক চৈলিং বৌদ্ধ মঠত বুদ্ধপূৰ্ণিমা তথা ভগৱান বুদ্ধদেৱৰ ২৫৬১ তম জন্ম-জয়ন্তী উপলক্ষে যোৱা ৮ মে’ৰ পৰা আৰম্ভ হোৱা অবিৰত প্ৰাৰ্থনা আৰু পূজা-অৰ্চনাৰ আজি বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰে।
অখিল ভাৰতীয় মহায়ন বৌদ্ধ মানিপ্পা সংঘৰ সৰলপাৰা শাখাৰ উদ্যোগত আৰু জিঙাঙচুক বৌদ্ধ মঠ পৰিচালনা, সৰলপাৰাৰ সহযোগত বুদ্ধ জয়ন্তী উপলক্ষে মঠ প্ৰাংগণত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত দাৰ্জিলিঙৰ লামা ধৰ্মগুৰু অজয় সান্গে মুখ্য অতিথি হিচাপে উপস্থিত থাকে।