মুছলপুৰঃ ৰাজ্যৰ সৰ্ববৃহৎ প্ৰসাদ বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত তিনি শতাধিক লোক অসুস্থ হৈছে। বাক্সাৰ লক্ষীপাৰাত ঘটা এই ঘটনাই ত্ৰাসৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি মতে মঙলবাৰে নিশা গাঁৱৰ পুজাত প্ৰসাদ খোৱাৰ পাছতে বুধবাৰে পুৱাৰ পৰা এজনৰ পাছত আনজনৰ জ্বৰ,-বমি, শৌচ হবলৈ ধৰে।
প্ৰায়বোৰ পৰিয়ালৰ আটাইকেইজন লোকে অসুস্থ হোৱাৰ লগতে মুছলপুৰ আৰু নলবাৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাত প্ৰায় পৰিয়ালতে ঘৰত তলাবন্ধ। বহু পৰিয়ালৰ অসুস্থজনৰ মুখত পানী দিবলৈ এজনো সুস্থ লোক নোহোৱা হৈছে। গাওঁখনৰ এখন প্ৰাথমিক আৰু এখন মধ্য ইংৰাজী বিদ্যালয়ৰ সকলো ছাত্র-ছাত্রী অসুস্থ হোৱাত বন্ধ হৈ পৰিছে বিদ্যালয় দুখন।