ফেক নিউজৰ বলি হ’বলগীয়াত পৰিছে ফেক নিউজৰ বিৰুদ্ধে সৰ্বসাধাৰণক সততে সজাগ কৰি অহা ৰমন মেগছেছে বঁটা বিজয়ী প্ৰসিদ্ধ সাংবাদিক ৰবীশ কুমাৰ৷ এইকেইদিন ছ’চিয়েল মিডিয়াত যেনিয়ে-তেনিয়ে ঘূৰি ফুৰিছে ৰবীশ কুমাৰ এটা ভিডিঅ’৷ হয়তো আপোনাৰো চকুত পৰিছে৷ এই ভিডিঅ’টোৰ বাবেই বিতৰ্কৰ সূচনা হৈছে সাংবাদিকগৰাকীৰ জীৱনত৷ দৰাচলতে ভিডিঅ’টোত আছে কি? দুটা ভিডিঅ’ জোৰা লগাই এই ভিডিঅ’টো প্ৰস্তুত কৰা হৈছে৷ প্ৰায় ৩০ ছেকেণ্ডৰ ভিডিঅ’টোৰ আধা অংশ ২০১৩ চনৰ এটা টিভি শ্ব’ৰ আৰু আনটো অংশ ২০১৯ বৰ্ষৰ এটা অনুষ্ঠানৰ৷ ২০১৩ চনত ভাৰতৰ জিডিপি( Gross Domestic Product) ৫ শতাংশলৈ হ্ৰাস পাইছিল৷ সেই সময়ত আছিল কংগ্ৰেছৰ চৰকাৰ৷ ৰবীশ কুমাৰে ২০১৩ চনৰ ভিডিঅ’টোত কৈছে যে এয়া কোনো চিন্তাৰ বিষয় নহয়৷ আনহাতে ২০১৯ চনত বিজেপিৰ চৰকাৰৰ দিনত ভাৰতৰ জিডিপি ৫ শতাংশলৈ হ্ৰাস পোৱাত ৰবীশ কুমাৰে কয় যে দেশখনক মন্দাৱস্থাই কব্জা কৰিছে৷ বিষয় একেটাই, মানুহো একেজন কিন্তু মতহে দুটা৷ তাতেই লাগিল লেঠা৷ মানুহৰ মাজত এটা কথা ব্যাপক ৰূপত বিয়পি পৰিল যে সাংবাদিক ৰবীশ কুমাৰ কংগ্ৰেছৰ দালাল৷ কিন্তু কিমানদূৰ সত্য এই কথা!