ডিজিটেল ডেস্কঃ মধ্যাহ্ন ভোজনত সাপ ওলোৱাৰ পিছত পুনৰবাৰ চৰকাৰী বিদ্যালয়সমূহত যোগান ধৰা মধ্যাহ্ন ভোজনৰ গুণাগুণৰ ওপৰত এক ডাঙৰ প্ৰশ্নৰ উদয় হৈছে। ভোজনৰ পাতত সাপ ওলোৱাৰ পিছত দেশজুৰি প্ৰচলিত মধ্যাহ্ন ভোজনৰ গুণাগুণক লৈ সন্দেহৰ সৃষ্টি হোৱা দেখা গৈছে।
হাৰিয়ানাৰ ফৰিদাবাদস্থিত ৰাজকীয় গাৰ্লছ হায়াৰ ছেকেণ্ডাৰীত ঘটিছে এই ঘটনা য’ত সাপৰ পোৱালী এটা পোৱা গৈছে মধ্যাহ্ন ভোজনত। পোৱালীটো পোৱাৰ লগে লগে খোৱা বন্ধ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই নিৰ্দেশ দিয়ে যদিও ইতিমধ্যে বহুকেইজনে খাবলৈ আৰম্ভ কৰিছিল।