কালুগাঁওঃ শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ বৰুৱাপুখুৰী-২ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৰূপজান মজলীয়া বিদ্যালয়ত আজি এটি পুথিভঁৰাল কক্ষ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। সেই উদ্দেশ্যে অনুষ্ঠিত ৰাজহুৱা সভাত পুথিভঁৰাল কক্ষৰ দুৱাৰ মুকলি কৰে লাচিত মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা সমাজকৰ্মী দিগন্ত শইকীয়াই।
বিদ্যালয়ৰ শিক্ষক খগেন বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পৱন হাজৰিকা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নীলোৎপল বৰুৱা আৰু ইনাজুল ৰহমান, মাতৃ গোটৰ সম্পাদিকা মামণি হাজৰিকা, উপ-সভানেত্ৰী প্ৰণতি আৰন্ধৰা প্ৰমুখ্যে ভালেসংখ্যক অভিভাৱক-অভিভাৱিকা উপস্থিত থাকি বিদ্যালয় কৰ্তৃপক্ষৰ এই প্ৰচেষ্টাক একমুখে প্ৰশংসা কৰি বিদ্যালয়ৰ পুথিভঁৰালৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।