কেৰালাৰ এখন আদালতে যোৱা সপ্তাহত পত্নীক হত্যা কৰা এজন লোকক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। সুৰজ কুমাৰ নামৰ এই লোকজনে নৃশংসতাৰ সকলো সীমা চেৰাই শীতল মস্তিষ্কৰে অস্ত্ৰৰ পৰিৱৰ্তে বিষাক্ত সৰ্পৰ সহায়ত হত্যা কৰিছিল পত্নীক। কিদৰে বিষাক্ত সাপ ক্ৰয় কৰি আনি সেই সাপটোক দংশিবলৈ নিজৰ ডেৰবছৰীয়া সন্তানৰ মাতৃৰ শৰীৰত এৰি দিছিল তাৰ সবিশেষ আগবঢ়োৱা হৈছে এই বিশেষ প্ৰতিবেদনত…
২৮ বৰ্ষীয় সুৰজে লকডাউনৰ মাজতে যোৱা বছৰৰ এপ্ৰিল মাহত পৃথিৱীৰ বিষাক্ত সাপবোৰৰ অন্যতম স্পেক্টেকল্ড ফেঁটীসাপ ৭০০০ টকাত ক্ৰয় কৰিছিল। ভাৰতত সাপৰ ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে অবৈধ। সেয়ে সুৰজে কেৰালাৰ সাপ ধৰা সুৰেশ কুমাৰ নামৰ এজন লোকৰ পৰা গোপনে ক্ৰয় কৰে সাপটো। সুৰজে এটা প্লাষ্টিকৰ টেমাত বতাহ অহা-যোৱা কৰিব পৰাকৈ সৰু বিন্ধা কৰি তাৰ ভিতৰত সাপটোক লুকুৱাই ৰাখি ঘৰলৈ লৈ আহে।