মৰিগাওঁঃ মৰিগাওঁ জিলাত আজি পুনৰ এটা জাতি গঢা খনিকৰে চিকিৎসাৰ অভাৱত মৃত্যুক সাৱতি ল’বলগা হোৱাৰ ঘটনাই সকলোকে শোকত ম্ৰিয়মান কৰি তুলিছে। জিলাখনৰ ধৰমতুল-শান্তিপুৰ অঞ্চলৰ শান্তিপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰাখাল চন্দ্ৰ সৰকাৰ (৫০) নামৰ এই হিন্দী শিক্ষকজন দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল।
এই ৰোগৰ বাবে সৰকাৰক উন্নত চিকিৎসা কৰোৱাৰ প্ৰয়োজন আছিল। কিন্তু টিউচন কৰি কোনো মতে দুবেলা দুমুঠি খাই থকা অপ্ৰাদেশীকৃত স্কুলৰ শিক্ষকজনৰ বাবে আৰ্থিক দৈন্যতাৰ হেতু উন্নত চিকিৎসা গ্ৰহণ কৰা সম্ভৱ নহ’ল।