হোজাইঃ ‘মণিপুৰী ডকাইত’ শব্দ প্ৰয়োগ কৰি সংবাদ মাধ্যমে মণিপুৰী সম্প্ৰদায়টোৰ মান-মৰ্যাদা হানি কৰিছে৷ এই অভিযোগ হোজাই জিলা মণিপুৰী সাহিত্য পৰিষদ আৰু সদৌ অসম মণিপুৰী ছাত্ৰ সন্থাৰ৷ হোজাই জিলা মণিপুৰী সাহিত্য পৰিষদ আৰু সদৌ অসম মণিপুৰী ছাত্ৰ সন্থাই আজি এক সংবাদ মেলৰ আয়োজন কৰি সংবাদ মাধ্যমৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷
হোজাইৰ সাহিত্য পৰিষদ ভৱনত সংবাদ মেল সম্বোধন কৰি মণিপুৰী সাহিত্য পৰিষদৰ সম্পাদক ফামদম মণিবাবু সিং আৰু মণিপুৰী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি তম্পক সিংহই গুৱাহাটী মহানগৰীৰ এম পি জুৱেলাৰ্ছৰ ডকাইতি কাণ্ডত জড়িত লোকক শীঘ্ৰেই কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ অসম আৰক্ষীক আহ্বান জনায়।