88
দলংঘাটঃ ১৯৮২ চনতে স্থাপিত হৈছিল দৰং জিলাৰ পাতিদৰং মধ্য ইংৰাজী বিদ্যালয়। বিদ্যালয় খনত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল মাধুৰ্য্য কুমাৰ ডেকা দেৱে। বিদ্যালয়খন স্থাপিত হোৱা প্ৰায় ৩৫ বছৰ হ’ল।
এই ৩৫ বছৰে বিনা বেতনে পেটত গামোচা বান্ধি ছাত্ৰ-ছাত্ৰী সকলক জ্ঞানচকু প্ৰদান কৰিলে। কিন্তু চৰকাৰৰ আজিলৈকে চকুত নপৰিল বিদ্যালয়খনৰ লগতে শিক্ষকসকলৰ ওপৰত। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জন এতিয়া জটিল ৰোগত আক্ৰান্ত।