ঢেকীয়াজুলিঃ প্ৰতিটো বাৰিষাতেই বানপানীৰ সৈতে যুঁজিবলৈ অসমৰ ৰাইজ সাজু থাকিব লাগিব৷ যেন বানপানী আমাৰ বছৰেকীয়া দুৰ্যোগ৷ বাৰিষাৰ আগে আগে বানত সাতুৰিবলৈ সাজু হ’ব লাগিব বিশেষকৈ ৰাজ্যখনৰ কৃষিজীৱি ৰাইজ৷
সেইবাবেই এতিয়া ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোও বহি থকা নাই৷ ইতিমধ্যে জনসাধাৰণৰ মাজত বানপানী হ’লে আমি কি কৰিব লাগিব, এই ভয়াবহ দুৰ্যোগত বানপীড়িত সকলক কি দৰে চৰকাৰৰ স্বাস্থ্য, বন, কৃষি পশুচিকিৎসা, খাদ্য আৰু অসামৰিক, গড়কাপ্তানী আদি বিভাগ সমূহে সহায়ৰ হাত আগবঢ়াব এই সমস্ত বিষয় সামৰি যোৱা ৬ আৰু ৭ জুনত শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহচক্ৰৰ চক্ৰবিষয়াৰ তৎপৰতাত দুদিনীয়াকৈ এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়৷