ডিজিটেল ডেস্কঃ ৰবি শাস্ত্ৰী ভাৰতীয় ক্ৰিকেট দলটোৰ প্ৰশিক্ষক হিচাপে পোৱাৰ দলটোৰ অধিনায়ক বিৰাট কোহলীৰ ইচ্ছাৰ প্ৰতি নজৰ ৰাখিয়ে বিচিচিআইয়ে উক্ত লোভনীয় পদটোৰ প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ ৯ জুলাইলৈ বঢ়াই দিছে।
ইয়ে ভাৰতীয় ক্ৰিকেট দলটোৰ প্ৰাক্তন অল ৰাউণ্ডাৰ ৰবি শাস্ত্ৰীলৈ একপ্ৰকাৰ সেউজ সংকেত কঢ়িয়াইছে। শুকুৰ বাৰে ৰাতি ব’ৰ্ডে জাৰী কৰা সূচনাত ভাৰতীয় পুৰুষৰ ক্ৰিকেট দলটোৰ বাবে মুৰব্বী প্ৰশিক্ষকৰ পদৰ বাবে প্ৰপত্ৰ দাখিলৰ তাৰিখ ৯ জুলাইলৈ বঢ়োৱা হৈছে বুলি কয় সচিব অমিতাভ চৌধুৰীয়ে।