তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ ভিতৰুৱা অঞ্চল বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত দীঘলটৰং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক লাচিত বাইলুঙক বিগত ২৫ জুনত সন্ধিয়া প্ৰায় ৭.৩০ বজাত নিজ বিদ্যালয়ৰে প্ৰধান শিক্ষক যোগেন সন্দিকৈ, সহঃ শিক্ষক ক্ৰমে মুনিন্দ্ৰ নাথ বৰুৱা আৰু ৰবীন্দ্ৰনাথ সন্দিকৈয়ে কোনো অজ্ঞাত কাৰণত নৃশংসভাৱে হত্যা কৰি বিদ্যালয়ৰ সন্মুখতে পেলাই থৈ গৈছিল৷
সুদীৰ্ঘকাল প্ৰকৃতি প্ৰেমী সংগঠনৰ সতে নিৰৱচ্ছিন্নভাৱে জড়িত বাইলুং স্থানীয় ডিব্ৰু-চৈখোৱা অভয়াৰণ্যৰ বনজ সম্পদ লুণ্ঠনৰ বিৰুদ্ধে সততে মাত মাতি অহা সৰবৰহী শিক্ষকজনৰ মৃত্যুৰ বাতৰিয়ে সকলো পক্ষকে হতচকিত কৰি তুলিছে৷