ডিজিটেল ডেস্কঃ গণ ধৰ্ষণৰ পিছত তিনিবাৰকৈ এছিড আক্ৰমণৰ সন্মুখীন হৈছিল তেওঁ। ইমানৰ পিছতো দুৰ্বৃত্তই পিছ এৰা নাই তেওঁৰ। লক্ষ্নৌৰ আলিগঞ্জত পুনৰ চতুৰ্থবাৰৰ বাবে এছিড আক্ৰমণৰ সন্মুখীন হয় মহিলাগৰাকী।
তেওঁ যিটো হোষ্টেলত থাকে তাৰ নিচেই সমীপতে শনিবাৰে নিশা এছিড আক্ৰমণৰ সন্মুখীন হ’বলগীয়াত পৰে। আৰক্ষীয়ে জনোৱা মতে, এছিড আক্ৰমণৰ ফলত মহিলাগৰাকীৰ মুখ আৰু ডিঙি পুৰি গৈছে। অৱশ্যে বৰ্তমান তেওঁৰ স্বাস্থ্য ভাললৈ আহিছে বুলি চিকিৎসকে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত কোনো এজাহাৰ দাখিল কৰা হোৱা নাই বুলিও জানিবলৈ দিছে আৰক্ষীয়ে। হ’লেও আৰক্ষীয়ে নিজাববীয়াকৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।