58
শুক্লাইঃ আধাৰশিলা চায়ে এবছৰ কটাবলগীয়া হ’ল শুক্লাইবাসীয়ে। ভূটানৰ পৰা তীব্ৰগতিত নামি অহা ওদালগুৰি-তামোলপুৰ পথক দুচেও কৰা শুক্লাই নৈখনে কন্দুৱাইছে প্ৰসূতিসহ এটা পৰিয়ালক।
ফেনে-ফোটোকাৰে বাঢ়ি অহা খৰশ্ৰোতা নদীখনেৰে এম্বুলেঞ্চ পাৰ হ’ব নোৱাৰাৰ ফলত প্ৰসূতি গৰাকীক খোজকঢ়াই পাৰ কৰাবলগা হোৱা দৃশ্যই ৬৭ বছৰীয়া স্বাধীনতাৰ সাৰ্থকতাৰ ওপৰতে সন্দেহ উপজিছে শুক্লাইবাসীৰ।