45
ৰঙিয়াঃ ৰঙিয়াত বিদ্যুৎ বিভাগৰ বিষয়াৰ সৈতে ঠিকাদাৰৰ ঘনিষ্ঠতাত দুৰ্নীতি লহপহকৈ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰি ছটাকৈ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
অসম শক্তি বিতৰণ কোম্পানীৰ ৰঙিয়া বিদ্যুৎ চক্ৰৰ উপ মহা প্ৰৱন্ধক অৰূপ বৰুৱাৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে সংগঠনকেইটাই। প্ৰতিবাদকাৰীয়ে নিবিদা অবিহনে ঘনিষ্ঠ ঠিকাদাৰক কেইবা লক্ষাধিক টকাৰ ঠিকা আবন্টন দিয়াৰ অভিযোগ উত্থাপন কৰে বিষয়াগৰাকীৰ বিৰুদ্ধে।