91
ডিব্ৰুগড়ঃ বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈছে ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চল। বিশেষকৈ জিলাখনৰ চাবুৱা, মৰাণ আদি ৰাজহ চক্ৰ এলেকাৰ শতাধিকৰো অধিক গাঁও এতিয়া বানৰ কৱলত।
ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰৰ অন্তৰ্গত কেৱল লেজাই-কলাখোৱা অঞ্চলতে প্ৰায় ২৫ খনৰো অধিক গাঁও বানে প্লাৱিত কৰিছে। এই অঞ্চলৰ বানাক্ৰান্ত লোকসকলে নিৰাপত্তা স্থানত কালি নিশাৰে পৰা আশ্ৰয় গ্ৰহণ কৰি আছে।