সৰভোগঃ নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে আজি দিনৰ ১২ বজাত বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্য্যালয়ত সংগঠনটোৰ বৰনগৰ সমিতি, খাৰিজা বিজনি, পশ্চিম বৰনগৰ আৰু ৰূপসী সমিতিৰ উদ্যোগত আৰু নিৰ্মাণ শ্ৰমিকৰ সহযোগত বিভিন্ন দাবীত বিক্ষোভ প্ৰদৰ্শিত হয়।
শ্ৰমিক কল্যাণ আইন যথাযথভাৱে ৰূপায়ন, অংগনবাড়ী, আশা আৰু ৰন্ধন কৰ্মীৰ মাহিলী ১৮ হাজাৰ টকা মজুৰি ধাৰ্য্য কৰা, ১৯৩৬ চনৰ ৩০ অক্টোবৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমান কামৰ সমান মজুৰি দিয়া, জাতীয় খাদ্য সুৰক্ষা আইন সঠিকভাৱে প্ৰয়োগ কৰা, সকলো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ কাৰ্ড যোগান ধৰাৰবাবে দাবী জনোৱা হয়।