কাজিৰঙাঃ দিনৰ পোহৰত নহয়, নিশাৰ আন্ধাৰত পথাৰত নামিল মন্ত্ৰী অতুল বৰা। অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আজি নিশাৰ ভাগত পথাৰত ট্ৰেক্টৰ চলাই চৰকাৰৰ এখন আঁচনি উদ্বোধন কৰিলে৷ আজি মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ এম অ’ ভি চি ডি আঁচনিখনৰ অধীনত কাজিৰঙাৰ দ-গাঁৱৰ কৃষকে ৫০০ হেক্টৰ কৃষিভূমিত কৰিবলগীয়া ৰেড ৰাইচৰ খেতিৰ শুভাৰম্ভ কৰিবলৈ দিনৰ ৩ বজাত আহি পোৱাৰ কথা আছিল৷
মন্ত্ৰীগৰাকীয়ে বিয়লি তিনি বজাৰ পৰিবৰ্তে প্ৰায় আন্ধাৰ হোৱাতহে গাঁওখনত উপস্থিত হয়৷ পলমকৈ আহিয়েই ৰাইজক ক্ষমা বিচাৰি পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ট্ৰেক্টৰ চলাই ৰেড ৰাইচৰ খেতিৰ শুভাৰম্ভ কৰে৷ মন্ত্ৰীগৰাকীয়ে পথাৰলৈ গ’ল গাড়ীৰ লাইট জ্বলাই৷